Edit Content
Click on the Edit Content button to edit/add the content.

Incredible Wild Safari

Adventures

During Amazing Safari Tours!

এক বৃক্ষ দশ পুত্ৰ সম :- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

 

     পুণ্যভূমি অসম বিভিন্ন জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধিশালী।

অসমী আইৰ চিৰসেউজ পৰিৱেশ মনোমুগ্ধকৰ।

পশু-পক্ষী, জীৱ-জন্তুৰ কলৰৱ, বিনন্দীয়া প্ৰকৃতিৰ অপৰূপা দৃশ্যই প্ৰত্যেকৰে মন-প্ৰাণ প্ৰফুল্লিত কৰি তুলে।

প্ৰকৃতিৰ কোলাতেই আমি জীৱকুল প্ৰতিপালিত।

সেউজীয়া গছ-গছনি তথা বনাঞ্চলেই পৃথিৱীৰ মূল প্ৰাণ।

প্ৰকৃতিৰ বুকুতে মানৱ জীৱনৰ ভৱিষ্যত নিহিত হৈ আছে।

সেয়ে প্ৰকৃতিৰ সুৰক্ষা তথা সংৰক্ষণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। 

অসম-অৰুণাচল সীমান্তৰ অন্যতম বনাঞ্চল হৈছে দুলুং সংৰক্ষিত বনাঞ্চল। 

২৮ মে, ১৯১৩ চনৰ FRS1225R আৰু 2798 R চৰকাৰী জাননী অনুসৰি ৫ অক্টোবৰ ১৯২৬ চনত দুলুঙক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।

দুলুং সংৰক্ষিত বনাঞ্চলৰ সৰ্বমুঠ মাটিকালি ৯.৯০০.০৩ হেক্টৰ।

দুলুং সংৰক্ষিত বনাঞ্চলৰ পূৱে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

পশ্চিমে, অৰুনাচল প্ৰদেশ।

উত্তৰে, চিৰ প্ৰবাহমান সোৱণশিৰি নদী।

দক্ষিনে পাহাৰী নৈ বগীনদী অৱস্থিত।

দুলুঙৰ বন খণ্ড কার্যালয় তাৰিয়নি আৰু পথালিপাম। দুয়োখন কার্য্যালয় লখিমপুৰ বন সংমণ্ডলৰ অধীনত।

পথালিপাম বন খণ্ড কাৰ্য্যালয়ৰ অধীনস্থ চাৰিখন উপ বন খণ্ড কার্য্যালয় হৈছে- পদুমনি, বকুলবাৰী, দুলুং আৰু সোৱণশিৰি‌ ।

শতবৰ্ষ গৰকা এই বনাঞ্চল খন এছিয়াৰ বিখ্যাত চিয়া নাহৰ গছ বিধৰ বাবে বিশেষভাৱে জনাজাত।

এইবিধ গছ কেৱল লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনস্থ দুলুং বনাঞ্চলতহে পোৱা যায়।

“চিয়া নাহৰ” অসমীয়া স্থানীয় নাম।

ইয়াৰ বৈজ্ঞানিক নাম Kayea assamica Prai (কেয়া এচামিকা প্ৰেইন)।

ইংৰাজী নাম Assam Iron Wood ।

এই গছবিধৰ বাকলি মসৃণ। পাতৰ আকৃতি লেন্সিয়েল আৰু ডিম্বাকৃতিৰ। ফুলৰ ৰং বগা, আৰু ফুলাৰ সময় এপ্ৰিল আৰু মে’ মাহত। ফলৰ প্ৰকাৰ কেপচুলৰ দৰে, ফল ধৰাৰ সময়ো ঠিক মাৰ্চ, এপ্ৰিল, মে’ মাহত। বৃদ্ধিৰ হাৰ খুব লেহেমীয়া। এক, দুই বছৰীয়া পুলি বাৰিষা কালত ৫ মিটাৰৰ ব্যৱধানত ৰোপণ কৰিলে ফলপ্ৰসূ হয়। ইয়াৰ বীজ সযতনে সংগ্ৰহ কৰিব লাগে আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত।

১০০ বছৰীয়া চিয়া নাহৰ গছৰ উপৰিও বর্তমান ৮০ বিধৰো অধিক গছৰ প্ৰজাতি, ৫০ বিধৰো অধিক মধ্যম স্তৰৰ গছ আৰু ২০০ বিধৰো অধিক গুল্ম, লতা আৰু তৃন জাতীয় ঔষধি গছ-বন, খাদ্য জাতীয় উদ্ভিদ বিদ্যমান।

উল্লেখ্য যে, দুলুঙত বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱাৰ উপৰিও সুগন্ধি কচু প্ৰচুৰ পৰিমাণে পোৱা যায়, যি খাদ্যৰ বাবে অতি সুস্বাদু।

দুলুং সংৰক্ষিত বনাঞ্চল বিভিন্ন প্ৰজাতিৰ সৰুবৰ বনৰীয়া চৰাই-চিৰিকটিৰ বিচৰণ ভূমি।

যেনে ধনেশ চৰাই, মইনা, ভাটৌ, ফেচাঁ, হুদু, দাউক, হাইঠা, কাউৰি, শালিকা, বগলি, বন কুকুৰা, গছ কোটোলা বাঢ়ৈ, টোকা শেন, ঈগল, চিলনী, দৰিককে ধৰি সৰু বৰ ৭০ বিধৰো অধিক চৰাই-চিৰিকটি পোৱা যায়।

আনহাতে বনৰীয়া হাতী, লতামেকুৰি, বন-গাহৰি, হৰ-হৰিনা-হুগৰী, কেটেলা, নিলাজী বান্দৰ, কেৰ্কেটুৱা, জহামাল, বনৰো, দুৰাকাছ’ আৰু বিভিন্ন প্ৰজাতিৰ সৰীসৃপ উপলদ্ধ।

৭০ টাতকৈ অধিক প্ৰজাতিৰ পখিলা, বিৰল আৰু ৰঙীন প্ৰজাতি যেনে- হোৱাইট ড্ৰেগনটেইল, পেৰিছ পিকক আৰু থাই ক্ৰুজাৰ অন্যতম।

দুলুঙৰ পাহাৰী জুৰিৰ শিলৰ ফাঁকে ফাঁকে পাহাৰৰ মাজত থকা সৰু বৰ পুখুৰী আৰু সমতলত অৱস্থিত জলাশয় সমূহত থলুৱা প্ৰজাতিৰ ৯০ বিধৰো অধিক মাছকে ধৰি জলচৰ প্ৰাণী উপলব্ধ। 

উল্লেখযোগ্য যে, নলা-জুৰিত বিলুপ্তি পথৰ নাদৰবামী পোৱা যায়।

লখিমপুৰ বন সংমণ্ডলৰ অধীনস্থ তাৰিয়নি আৰু পথালিপাম বন খণ্ডক সামৰি গঠিত এই বনাঞ্চলৰ মাজেৰে উত্তৰ দিশে ১নং, ২নং, আৰু ৩নং ঘাগৰ মাজত কনানদী আৰু দক্ষিনে বগীনদী বৈ গৈ সোৱণশিৰিত মিলিত হৈছে।

ইয়াৰ উপৰিও সৰু দিজু, বৰদিজু, বাঘজান, বাঘিনীজান, কৱলাজান, শি জান, শুকান নলাকে ধৰি ১৪ টাকৈ জান-জুৰি বৈ গৈছে।

প্ৰাচীনতম জন্তু তথা সভ্যতা আৰু সংস্কৃতিৰ প্ৰতীক স্বৰূপ হাতী বনাঞ্চল খনৰ অন্যতম অলংকাৰ।

গতিকে, ভিন্ন সম্পদেৰে পৰিপূৰ্ণ দুলুং সংৰক্ষিত বনাঞ্চল অতুলনীয় আৰু অদ্বিতীয়। 

২০১৫ চনত প্ৰথমবাৰৰ বাবে‌ বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত দুলুং সোৱণশিৰি মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত দুলুং সোৱণশিৰি মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে। যাৰ লক্ষ্য উদ্দেশ্য – সংৰক্ষিত বনাঞ্চল খনৰ অমূল্য সম্পদ সমূহৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰচাৰ-প্ৰসাৰ।

২০২৫ বৰ্ষৰ ১১/১২/১৩/১৪/ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা মহোৎসৱৰ নাম :- দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ।

আঁহক, আমি সকলোৱে দুলুঙক জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ চিৰসেউজ বনাঞ্চল তথা বন্যপ্ৰাণীৰ অনুপম বিচৰণস্থলী হিচাপে গঢ়ি তোলাৰ সংকল্প লওঁ।

 

ধন্যবাদ।

WELCOME

"স্বাগতম"

আঁহক,

আমি সকলোৱে দুলুঙক জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ চিৰসেউজ বনাঞ্চল তথা বন্যপ্ৰাণীৰ অনুপম বিচৰণস্থলী হিচাপে গঢ়ি তোলাৰ সংকল্প লওঁ।

Services

Vivamus id sem facilisis, posuere tellus eget, suscipit libero. Curabitur dui elit, accumsan id lobortis nec, pellentesque et ligula. In hac habitasse platea dictumst. Nulla molestie vel mi vitae facilisis. Fusce vulputate leo id nibh tempor posuere. Mauris rhoncus vehicula sem. Ut tempus turpis libero massa sagittis.

Unusual Holidays

Lorem ipsum dolor consectetur adipiscing elit. Vestib euismod mag quis eleifend.

Best time to Visit

Lorem ipsum dolor consectetur adipiscing elit. Vestib euismod mag quis eleifend.

Big Cat Safari

Lorem ipsum dolor consectetur adipiscing elit. Vestib euismod mag quis eleifend.

Photos with Animals

Lorem ipsum dolor consectetur adipiscing elit. Vestib euismod mag quis eleifend.

Why Choose Us!

Where Elegant Spaces Meet Wild Places

Lorem ipsum dolor sit amet, consecteture adipiselitings Vestibulum euismod maqus eleifend vehicula. Intearius, velit sed tempus rutrum.libero libero non sem consecye teture adipiselitings Vestibulum euismod maqus

Raising Money To Help

Volunteer For Animals

1000+

clients

10000

safaries

999+

positive reviews

888+

interesting places

Video Tour

Scroll to Top